


"JNV GUIDE" ৰ লক্ষ্য আৰু উদ্দেশ্য :
জৱাহৰ নৱোদয় বিদ্যালয়ৰ মূল লক্ষ্যই আছিল গ্ৰাম্য অঞ্চলৰ প্ৰতিভাৱান শিশুসকলক তেওঁলোকৰ পৰিয়ালৰ আৰ্থ-সামাজিক অৱস্থাৰ নিৰ্বিশেষে আধুনিক শিক্ষা প্ৰদান কৰা। আৰু সেই লক্ষ্যৰ প্ৰতি ধ্যান ৰাখিয়েই আমাৰ JNV GUIDE ৰ আৰম্ভণি। প্ৰচাৰ আৰু সজাগতাৰ অভাৱৰ হেতুকে গ্ৰাম্য অঞ্চলৰ নিম্ন শ্ৰেণীৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী শিক্ষাৰ এই সুন্দৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে । তেনে স্থলত আমাৰ এই Online Platform হৈছে এই অভাৱ পূৰণৰ বাবে দৃঢ় পদক্ষেপ। বিগত বছৰত আমাৰ দৃষ্টিগোচৰ হৈছে যে আমাৰ লগত বিভিন্ন ধৰণে জড়িত হৈ ভিতৰুৱা গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কেতিয়াও শিক্ষাৰ পোহৰ নপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়েও নৱোদয় বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। বিশেষ কাৰণত বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম নোহোৱা ছাত্ৰ-ছাত্ৰীসকলো ভৱিষ্যত জীৱনত এজন ভাল মানুহ অথবা এখন ভাল অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । কিয়নো আমাৰ প্ৰতিটো Class বা শিক্ষাদানৰ মূল উদ্দেশ্যই হ'ল - প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ যাতে পঢ়ি থকা বিষয়টোৰ ওপৰত সম্পূৰ্ণৰূপে দখল থাকে আৰু প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী যাতে একোজন সু-নাগৰিক হিচাপে গঢ়ি উঠে। ইয়াৰোপৰি বাছনি পৰীক্ষাৰ নিৰ্বাচনেই JNV GUIDE ৰ যাত্ৰাৰ সামৰণি নহয়। বৰ্তমান JNV GUIDE ৰ যোগেদি বাছনি পৰীক্ষাৰ প্ৰস্তুতি কৰি থকা ছাত্ৰ-ছাত্ৰী সকল যাতে আমাৰ লগত ভৱিষ্যতেও উচ্চ শিক্ষাৰ বাবে জড়িত হৈ থাকিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰখা আৰু অনাগত বৰ্ষত শিক্ষাৰ জগতখনত সুলভ মূল্যত গুনগত শিক্ষা প্ৰদানৰ যোগেদি এক নতুন বিপ্লৱৰ সূচনা কৰাই হ'ল JNV GUIDE ৰ মূলমন্ত্ৰ।
Our Courses
Lorem ipsum dolor sit amet, consectetur adipiscing elit.
Books
Lorem ipsum dolor sit amet, consectetur adipiscing elit.
Study Material
Lorem ipsum dolor sit amet, consectetur adipiscing elit.
My Team

Dhritismita Talukdar
Co-founder
- 4+ years of guiding jnv aspirants
- B.Sc. in Zoology
- M.Sc. in Zoology with a specialization in Entomology
- PhD Research Scholar
