About

About Us

"JNV GUIDE" ৰ লক্ষ্য আৰু উদ্দেশ্য : জৱাহৰ নৱোদয় বিদ্যালয়ৰ মূল লক্ষ্য‌ই আছিল গ্ৰাম্য অঞ্চলৰ প্ৰতিভাৱান শিশুসকলক তেওঁলোকৰ পৰিয়ালৰ আৰ্থ-সামাজিক অৱস্থাৰ নিৰ্বিশেষে আধুনিক শিক্ষা প্ৰদান কৰা। আৰু সেই লক্ষ্যৰ‌ প্ৰতি ধ্যান ৰাখিয়েই আমাৰ JNV GUIDE ৰ আৰম্ভণি। প্ৰচাৰ আৰু সজাগতাৰ‌ অভাৱৰ হেতুকে গ্ৰাম্য অঞ্চলৰ নিম্ন শ্ৰেণীৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী শিক্ষাৰ এই সুন্দৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে । তেনে স্থলত আমাৰ এই Online Platform হৈছে এই অভাৱ পূৰণৰ বাবে দৃঢ় পদক্ষেপ। বিগত বছৰত আমাৰ দৃষ্টিগোচৰ হৈছে যে আমাৰ‌ লগত বিভিন্ন ধৰণে জড়িত হৈ ভিতৰুৱা গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কেতিয়াও শিক্ষাৰ পোহৰ নপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়েও নৱোদয় বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। বিশেষ কাৰণত বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম নোহোৱা ছাত্ৰ-ছাত্ৰীসকলো ভৱিষ্যত জীৱনত এজন ভাল মানুহ অথবা এখন ভাল অনুষ্ঠানত‌ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । কিয়নো আমাৰ প্ৰতিটো Class বা শিক্ষাদানৰ মূল উদ্দেশ্য‌ই হ'ল - প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ যাতে পঢ়ি থকা বিষয়টোৰ‌ ওপৰত সম্পূৰ্ণৰূপে দখল থাকে আৰু প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী যাতে একোজন সু-নাগৰিক হিচাপে গঢ়ি উঠে। ইয়াৰোপৰি বাছনি পৰীক্ষাৰ নিৰ্বাচনেই JNV GUIDE ৰ যাত্ৰাৰ‌ সামৰণি নহয়। বৰ্তমান JNV GUIDE ৰ যোগেদি বাছনি পৰীক্ষাৰ প্ৰস্তুতি কৰি থকা ছাত্ৰ-ছাত্ৰী সকল যাতে আমাৰ লগত ভৱিষ্যতেও উচ্চ শিক্ষাৰ বাবে জড়িত হৈ থাকিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰখা আৰু অনাগত বৰ্ষত শিক্ষাৰ জগতখনত সুলভ মূল্যত গুনগত শিক্ষা প্ৰদানৰ‌ যোগেদি এক নতুন বিপ্লৱৰ সূচনা কৰাই হ'ল JNV GUIDE ৰ মূলমন্ত্ৰ। আমাৰ পাঠদানৰ পদ্ধতি (Systematic Learning Process): JNV GUIDE-ৰ পাঠদানসমূহ আনুপূৰ্বিক শৃংখলাবদ্ধ আৰু পৰ্যায়ভিত্তিক ৰূপত চাপমুক্ত পৰিৱেশ অৰ্থাৎ হাঁহি-ধেমালিৰ মাজেৰে কৰোৱা হয়। যাতে প্রতিটো স্তৰৰ‌ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিটো পৰ্যায়ত পৰীক্ষাৰ সম্পূর্ণ প্রস্তুতি লাভ কৰিব পাৰে। প্ৰথমে জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ পাঠ্যসূচী অনুসৰি সকলো বিষয় আৰু অধ্যায় সহজ ভাষাত ভাগ কৰা হয়। প্রতিটো অধ্যায়ৰ মূল ধাৰণা সহজকৈ বুজাই দিয়াৰ পিছত বাছনি পৰীক্ষাৰ আৰ্হিত MCQ ৰ অনুশীলন কৰোৱা হয়। লগতে প্ৰতি সপ্তাহে "মক টেষ্ট" আৰু "Topic-wise টেষ্ট" অনুষ্ঠিত কৰা হয়। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল আচল পৰীক্ষাৰ পৰিৱেশৰ সৈতে পৰিচিত হৈ উঠে। তদুপৰি JNV GUIDE ৰ লগত জড়িত প্ৰতেকজন সদস্য ছাত্ৰ-ছাত্ৰীৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে সদা আগ্ৰহী।‌ লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাক চিনাকি কৰাই স্বপ্নৰ সাঁকো গঢ়ি , তেওঁলোকক সাফল্যৰ বাট দেখুৱাবলৈ JNV GUIDE সদায় আগৰণুৱা ।

Prachujya Bora — Founder & CEO.
Dhritismita Talukdar — Co-founder

Our Members

Siddharth Deori

Jnv Guide Maths Faculty

Sangita borah

Assamese and mental Ability faculty

Kapil Das

Jnv Guide Maths Faculty

Nikita Buragohain

English and Mental Ability Faculty

Barsha Borah

Maths Faculty

Banti Baruah

Maths Faculty

Suhail bin

Maths Faculty

Koushik Goswami

Maths Faculty

Mriganayana Choudhary

Maths Faculty

Juri Devi

Maths Faculty

Ankur Kalita

Maths Faculty

Kamini Das

Sales